ভয়ংকৰ পথ দুৰ্ঘটনাত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু

ভয়ংকৰ পথ দুৰ্ঘটনাত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- ভয়ংকৰ পথ দুৰ্ঘটনাত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু । কলিয়াবৰত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হয় আৰক্ষী বিষয়াগৰাকীৰ ।জোনমণি ৰাভাই AS 01 EN 7273 নম্বৰৰ নিজৰ মাৰুতী কাৰখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী UP 78 UT 4518 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকত খুন্দা মাৰে জোনমণিৰ বাহনখনে। নিশা প্ৰায় ২ বজাত সংঘটিত হয় দুৰ্ঘটনাটো।প্ৰচণ্ড খুন্দা মৰাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ। ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ জোনমণি ৰাভাৰ মৃতদেহ জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ লৈ যায়।পুৱতিনিশাই ঘটনাস্থলীত নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। জোনমণি ৰাভাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।