ভোৰাগাওঁ নাবালিকাৰ বলাতকাৰ আৰু হত্যাৰে জড়িত মূল অভিযুক্তৰ ডি এন এৰ পৰীক্ষাৰ ফলাফল মেটছ – আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত

pc-thesentinalassam

অনলাইন বাৰ্ত্তাসেৱা- ভোৰাগাওঁ নাবালিকাৰ বলাতকাৰ আৰু হত্যাৰে জড়িত মূল অভিযুক্তৰ ডি এন এৰ পৰীক্ষাৰ ফলাফল মেটছ কৰা বুলি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয়।মহন্তই ছচিয়েল মিডিয়াত দিয়া এটা পোষ্টত এই সন্দৰ্ভত লিখিছে যে, আৰক্ষীয়ে আশা কৰে ৯বছৰীয়া নাবালিকাগৰাকীৰ বলাতকাৰ আৰু হত্যাকাণ্ডৰে জড়িত পাঠা নামৰ অভিযুক্তটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণত আৰক্ষীয়ে তথ্য-প্ৰমাণ সংগ্ৰহত সফল হৈছে।নাবালিকাগৰাকীৰ বায়লজিকেল স্পেচিমেন্ট আৰু অভিযুক্তৰ তেজৰ নমুনা ফৰেনচিক লেব’লৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। সেই পৰীক্ষাৰ ফলাফলত ডি এন এ মেটছ কৰা বুলি তেওঁ সদৰি কৰিছে। by utpal kalita