ভোগৰ ভোগালী- ময়ূৰাক্ষী গগৈ

p.c- time8

ভোগৰ ভোগালী

সকলো ফালে উখল-মাখল
আহিল আমাৰ অতি চেনেহৰ
ভোগৰ বিহু ভোগালী।
ঘৰে ঘৰে উভৈনদী
কেৱল খোৱাৰহে বল।
তিল পিঠা,তেল পিঠা, খোলা চাপৰীয়া পিঠা,
চুঙা পিঠা আৰু যে কত পিঠা।
জলপানত আছে আকৌ
ভজা চাউল,কোমল চাউল,
সান্দহ, চিৰা,মুড়ী,আখৈ, হুৰুম
লগত চুঙা দৈ,মাখন আৰু গুৰ।
কাঠ আলু, মোৱা আলু,মিঠা আলুৰ
কথা নকলোৱেই বা।
উদৰ পূৰাই খালেই হ’ল।
উৰুকাৰ ভোজ আৰু এখোপ চৰা।
তিতাবৰৰ চাউল,কাকডোঙাৰ বৰালি
আৰু খাহীৰ মাংসৰে উলাহৰ এসাজ।
শুনিলেই জিভাৰ পানী ওলায়।

ময়ূৰাক্ষী গগৈ।
যোৰহাট।