ভেকচিনৰ বাবে প্ৰযোজ‍্য হব ৰেচন কাৰ্ড

ভেকচিনৰ বাবে প্ৰযোজ‍্য হব ৰেচন কাৰ্ড

অনলাইন বার্তাসেৱা: বহু লোকৰ পানকার্ড, আধাৰকার্ড আদি নথকা বাবে ভেকচিন লোৱাৰ সময়ত অসুবিধাৰ সৃষ্টিৰ হোৱা দেখা পৰিলক্ষিত হৈ আহিছে। ইয়াৰে পৰিপ্ৰেক্ষিতত স্বাস্থ্য সেৱা ( পৰিয়াল কল্যান)সঞ্চালকালয়ে ফটো যুক্ত ৰেচন কাৰ্ড ভেকচিনৰ বাবে ব্যৱহাৰ কৰিব পাৰিব এই সন্দৰ্ভত অনুমোদন দিয়ে। ‌ইতিমধ্যে সকলো জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া আৰু জিলা প্ৰতিষেধক প্ৰদানকাৰী বিষয়া লৈ স্বাস্থ্যসেৱা সঞ্চালকালয়ে এই সম্পর্কীয় নিৰ্দেশনা প্ৰেৰণ কৰিছে।