ভূমিকম্পৰ ১২৮ ঘণ্টাৰ পিছত ধ্বংসস্তূপত জীৱিত অৱস্থাত উদ্ধাৰ এটি দুমহীয়া কেঁচুৱা

ভূমিকম্পৰ ১২৮ ঘণ্টাৰ পিছত ধ্বংসস্তূপত জীৱিত অৱস্থাত উদ্ধাৰ এটি দুমহীয়া কেঁচুৱা

ৰঙিলী বাৰ্ত্তাসেৱা- ৬ ফেব্ৰুৱাৰীত তুৰ্কীত সংঘটিত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত তুৰ্কীত ২৮,০০০ লোকৰ মৃত্যু হৈছে। এই ভূমিকম্পৰ ফলত ৬,০০০ অট্টালিকা খহি পৰে। কিন্তু ধ্বংস আৰু হতাশাৰ মাজত, জীয়াই থকাৰ অলৌকিক কাহিনী কিছুমান পোহৰলৈ আহিছে যিয়ে সকলোকে আবেগিক কৰিছে তথা দুখৰ মাজত কিছু সকাহ দিছে।  ১১ ফেব্ৰুৱাৰীত তুৰ্কীৰ হাতাইত ধ্বংসস্তূপৰ তলৰ পৰা এটি দুমাহীয়া শিশুক উদ্ধাৰ কৰা হয়। এই শিশুটিৰ উদ্ধাৰৰ পিছতেই ঠাইখনত উপস্থিত ৰাইজে আনন্দ–উল্লাস কৰে। উল্লেখ্য যে, ভূমিকম্পৰ প্ৰায় ১২৮ ঘণ্টা পিছত শিশুটো জীৱিত অৱস্থাত পোৱা গৈছিল।  হাজাৰ হাজাৰ উদ্ধাৰকাৰী কৰ্মীয়ে এতিয়াও হিমশীতল বতৰ থকা স্বত্বেও তুৰ্কীৰ ধ্বংসত পৰিণত অঞ্চলৰ মাজেৰে সন্ধানহীন লোকক উদ্ধাৰ কৰাত ব্যস্ত হৈ আছে যিহেতু এতিয়া লাখ লাখ লোকক সহায়ৰ আৱশ্যকতা আছে।তুৰ্কীত এতিয়ালৈকে মৃত্যুৰ সংখ্যা ২৪,৬১৭ জন হোৱাৰ সৈতে, এই ভূমিকম্প ১৯৩৯ চনৰ পিছত দেশখনৰ আটাইতকৈ ভয়ংকৰ ভূমিকম্প হিচাপে বিবেচিত হৈছে। আনহাতে, তথ্য অনুসৰি শুকুৰবাৰলৈ চিৰিয়াত ৩,৫০০ ৰো অধিক লোকৰ মৃত্যু হৈছে।