ভুৱা ডিগ্ৰীৰে কলেজ শিক্ষকৰ পদত চাকৰি কৰি থকা শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে 

Pc NewsBlaze India

ভুৱা ডিগ্ৰীৰে কলেজ শিক্ষকৰ পদত চাকৰি কৰি থকা শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে শীঘ্ৰেই ভুৱা ডিগ্ৰীৰে কলেজ শিক্ষকৰ পদত চাকৰি কৰি থকা ৫৮জন শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। শিক্ষা বিভাগে এইসকল শিক্ষকৰ বিৰুদ্ধে বিস্তৃত তথ্য লাভ কৰিছে । আমিনগাঁওস্থিত সৰলা-বিৰলা জ্ঞানজ্যোতি বিদ্যালয়ৰ সভাকক্ষত বিজ্ঞান শিক্ষাৰ এক কর্মশালাত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্তই এই কথা স্পষ্ট কৰিছে।তেওঁ লগতে উল্লেখ কৰে যেৰাজ্যৰ কেইবাখনো কলেজত ভুৱা ডিগ্ৰীৰে শিক্ষকতা কৰি থকা প্ৰায় এহেজাৰ শিক্ষকৰ ডিগ্ৰী ভুৱা বুলি বিভিন্ন তথ্য লাভ কৰা হৈছে। ইয়াৰে বিস্তৃত তথ্য পোৱা ৫৮জন শিক্ষকৰ বিৰুদ্ধে বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। একাংশ কলেজ শিক্ষকে বহিঃৰাজ্যৰ অস্তিত্বহীন বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী সংগ্ৰহ কৰাৰ অভিযোগ দীর্ঘদিনীয়া। বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, অন্ধ্ৰপ্ৰদেশ আদিকে ধৰি কেইবাখনো ৰাজ্যৰ পৰা লাভ কৰা ভুৱা পি এইচ ডি ডিগ্রী, এমফিল ডিগ্রীক লৈ বিভিন্ন সময়ত উঠি থকা অভিযোগৰ পৰিপ্ৰেক্ষিততে শিক্ষা বিভাগে নিজাববীয়াকৈ ইয়াৰ তদন্ত চলাইছে। এই তদন্তৰ কালতে প্রায় ১,০০০জন শিক্ষকৰ ডিগ্ৰী ভুৱা বুলি প্ৰমাণিত হৈছে।