ভাৰত বায়’টেকৰ নেজল ভেকচিনে দ্বিতীয়-তৃতীয় পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষণৰ অনুমতি লাভ

pc-TV9 Bharatvarash

ভাৰত বায়’টেকৰ নেজল ভেকচিনে দ্বিতীয়-তৃতীয় পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষণৰ অনুমতি লাভ

অনলাইন বাৰ্ত্তাসেৱা– ভাৰত বায়’টেকৰ প্ৰথম নেজল ভেকচিন বি বি ভি ১৫৪-এ দ্বিতীয়-তৃতীয় পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষণৰ বাবে অনুমতি লাভ কৰিছে। এই প্ৰতিষেধক ভাৰত বায়’টেক আৰু ছেণ্ট লুচিয়াৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ে লগ লাগি প্ৰস্ত্তত কৰা কামত ব্ৰতী হৈ আছে। নেজল প্ৰতিষেধকৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ চলিত বছৰৰ জানুৱাৰী মাহত আৰম্ভ হৈছিল। শেহতীয়াকৈ শেষ হোৱা পৰীক্ষণত ১৮ৰ পৰা ৬০ বছৰৰ ভতৰৰ স্বাস্থ্য স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰে। দ্বিতীয় আৰু তৃতীয় পৰীক্ষণৰ পাছত প্ৰতিষেধক দেশত উপলব্ধ হোৱাৰ সম্ভৱনা আছে। এই প্ৰতিষেধক বজাৰলৈ আহে তেন্তে ই হ’ব দেশৰ প্ৰথমবিধ নেজল ভেকচিন। মাংসপেশীত বেজীৰে দিয়া প্ৰতিষেধকক ‘ইনট্ৰামাস্কুলৰ ভেকচিন’ বুলি কোৱা হয়। আনহাতে নাকত কেইটোপালমান দিয়া প্ৰতিষেধকক ‘ইনট্ৰানেজল ভেকচিন’ বুলি কোৱা হয়। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই প্ৰতিষেধকৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণৰ ফলাফল সন্তোষজনক বুলি পৰিগণিত হৈছে। প্ৰতিষেধক লোৱাৰ পাছত কোনো দেহতে গুৰুতৰ পাৰ্শ্বক্ৰিয়া ধৰা পৰা নাই। ‘ক্লিনিকেল ট্ৰায়েলছ ৰেজিষ্ট্ৰি’ৰ তথ্য অনুসৰি চাৰিখন চহৰৰ ১৭৫জন লোকক উক্ত নেজল ভেকচিন দিয়া হৈছে।

 

(RT)