ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উত্তৰ পূব অঞ্চল সাংস্কৃতিক কেন্দ্ৰৰ পৰা ধ্ৰুবজ্যোতি কলিতালৈ যুৱ প্ৰতিভা শিল্পী বঁটা

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উত্তৰ পূব অঞ্চল সাংস্কৃতিক কেন্দ্ৰৰ পৰা ধ্ৰুবজ্যোতি কলিতালৈ যুৱ প্ৰতিভা শিল্পী বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ লোক কলা পুতলা নাচ প্ৰায় নিঃচিহ্ণ হৈ যোৱাৰ ক্ষণত। অসমৰ বাবে অতি সুখবৰ যে তেনে এটি ক্ষণত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উত্তৰ পূব অঞ্চল সাংস্কৃতিক কেন্দ্ৰৰ পৰা ধ্ৰুবজ্যোতি কলিতালৈ পুতলা নাচৰ বাবে ২০১৯-২০ বৰ্ষৰ যুৱ প্ৰতিভা শিল্পী বঁটাৰ বাবে মনোনীত হৈছে । ধ্ৰুৱজ্যোতি কলিতাই এন চি ই আৰ টি, চি চি আৰ টি আৰু এছ চি আৰ টি ৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীৰ অধীনত প্ৰশিক্ষণ লৈ আছে । লগতে সুৰজিৎ একাডেমীত দুবছৰীয়া কথা ছবি অভিনয় আৰু পুতলা নাচৰ ওপৰত প্ৰশিক্ষণ লৈ আছে। তাৰোপৰি ধ্ৰুৱজ্যোতি কলিতাই বিনীতা দেৱীৰ অধীনত অসম তথা ভাৰতৰ চৰকাৰৰ অধীনৰ বহু কেইখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সাংস্কৃতিক কাৰ্যক্ৰমত পুতলা নাচ আৰু নাটকত অভিনয় পৰিৱেশন কৰিছে আৰু সুৰজিৎ একাডেমীৰ অধীনত বহু কেইখন চুটি ছবিত অভিনয় কৰিছে । ধ্ৰুৱ জ্যোতি কলিতা ধাৰাপুৰ, বড়িপাৰাৰ গোবিন্দ চন্দ্ৰ কলিতা আৰু সাবিত্ৰী কলিতাৰ একমাত্ৰ পুত্ৰ।উত্তৰ-পূবৰ ১৬ গৰাকীৰ ভিতৰত অসমৰ ৩ গৰাকী যুৱ শিল্পীক শিল্পগ্ৰাম মহোৎসৱত বৃহস্পতিবাৰে এই বঁটা প্ৰদান কৰে।