ভাৰত আৰু শ্ৰীলংকাৰ এদিনীয়া খেল সন্দৰ্ভত অসম ক্ৰিকেট সন্থাৰ সংবাদমেল

ভাৰত আৰু শ্ৰীলংকাৰ এদিনীয়া খেল সন্দৰ্ভত অসম ক্ৰিকেট সন্থাৰ সংবাদমেল

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত আৰু শ্ৰীলংকাৰ মাজত চলি থকা টি-২০ শৃংখলা সমাপ্তিৰ পিছতে আৰম্ভ হ’ব দুয়োটা দলৰ মাজত এদিনীয়া শৃংখলা৷ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ১০ জানুৱাৰীত এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব৷ ভাৰত আৰু শ্ৰীলংকাৰ মাজত হ’বলগীয়া দিবা-নৈশ এদিনীয়া মেচখনক লৈ অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে সংবাদমেল সম্বোধন কৰি মেচখনৰ প্ৰস্তুতিৰ বিষয়ে জনায়৷ টি-২০ শৃংখলা অন্ত পৰাৰ পিছত ৮ জানুৱাৰীত গুৱাহাটী পাবহি দুয়োটা দল আৰু তেওঁলোক থাকিব ৰেডিছন ব্লু হোটেলত৷ অৱশ্যে বৰ্তমান টি-২০ দলত নথকা ভাৰতীয় দলৰ কেইগৰাকীমান খেলুৱৈ জানুৱাৰীতে গুৱাহাটীত উপস্থিত হ’ব৷ তাৰ মাজত আছে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাও৷ গুৱাহাটীত উপস্থিত হোৱাৰ পিছত ৯ জানুৱাৰীত দুয়োটা দলে বৰ্ষাপাৰাত অনুশীলন কৰিব বুলিও সংবাদমেলত সদৰী কৰে সভাপতি তৰংগ গগৈয়ে৷ ৯ জানুৱাৰীৰ বিয়লি ১ পৰা ৪ বজালৈ শ্ৰীলংকাই আৰু ভাৰতীয় দলে ৫ বজাৰ পৰা অনুশীলন কৰিব৷ যোৱা খেলত কাৰিকৰী বিজুতিৰ বাবে খেলৰ মাজত লাইট বন্ধ হৈছিল যদিও এইবাৰ টেণ্ডাৰিঙৰ যোগেদি পুৰণা লাইট সলনি কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি কয় গগৈয়ে৷আনহাতে, ১০ হাজাৰ টকীয়া টিকট অনলাইনত বিক্ৰী হৈ আছে। ৩০ৰ পৰা ৩২হাজাৰটা টিকট বিক্ৰীৰ লক্ষ্য লৈছে অসম ক্ৰিকেট সন্থাই। ১০ হাজাৰ টকীয়া টিকট অনলাইনত এতিয়াও উপলব্ধ আছে দৰ্শকৰ বাবে। নেহৰু ষ্টেডিয়ামত বুক মাই শ্ব’ৰ যোগেদি টিকট সংগ্ৰহ কৰিব পাৰিব৷ ১০ হাজাৰ টিকট জিলাসমূহলৈ পঠিওৱা হৈছে ৷ ইয়াৰ লগতে তেওঁ উল্লেখ কৰে খেলপথাৰত সাপ নোসোমাবলৈ কৰা বিশেষ ব্যৱস্থাৰ কথা। ইয়াৰ বাবে স্বেচ্ছাসেৱী সংগঠনক দায়িত্ব দিয়া হৈছে। আনহাতে পুৰণি লাইটেৰে অনুষ্ঠিক কৰা হ’ব খেল। নতুন লাইট অনা হৈছে যদিও লগোৱা হোৱা নাই।