ভাৰতৰ ৰাষ্ট্ৰসংঘত ইউক্ৰেইন সম্পৰ্কীয় ভোটৰ পৰা বিৰত থকাৰ নীতি অব্যাহত

pc hindustan times

ভাৰতৰ ৰাষ্ট্ৰসংঘত ইউক্ৰেইন সম্পৰ্কীয় ভোটৰ পৰা বিৰত থকাৰ নীতি অব্যাহত

ৰহিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে যিয়ে ইউক্ৰেইনত বৰ্ধিত মানৱীয় সংকটৰ বাবে ৰাছিয়াক দোষাৰোপ কৰে আৰু তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনায়।ইউক্ৰেইনে সন্মুখীন হোৱা মানৱীয় সংকটৰ গুৰুত্ব স্বীকাৰ কৰাৰ লগতে মানৱীয় সহায়ৰ ৰাজনীতিকৰণ প্ৰতিহত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি ভাৰতে ৰাষ্ট্ৰসংঘত ইউক্ৰেইন সম্পৰ্কীয় ভোটৰ পৰা বিৰত থকাৰ নীতি অব্যাহত ৰাখে। ইয়াৰ সপক্ষে ১৪০ খন দেশে ইউক্ৰেইনৰ দ্বাৰা উপস্থাপন কৰা এক প্ৰস্তাৱক সমৰ্থন কৰিছিল, যিয়ে সংকটটোৰ বাবে ৰাছিয়াৰ আক্ৰমণক স্পষ্টভাৱে দোষাৰোপ কৰিছিল, ভাৰতকে ধৰি ৩৮ দেশে ভোটদানৰ পৰা বিৰত আছিল । কেৱল বেলাৰুছ, চিৰিয়া, উত্তৰ কোৰিয়া আৰু ইৰিট্ৰিয়াই এই পদক্ষেপৰ বিৰোধিতা কৰি ৰাছিয়াত যোগদান কৰিছিল।