ভাৰতৰ ১২খন চহৰ হিমবাহ গলাৰ ফলত পানীত ডুবিব

pc- Physics World

ভাৰতৰ ১২খন চহৰ হিমবাহ গলাৰ ফলত পানীত ডুবিব

অনলাইন বাৰ্ত্তাসেৱা- ভাৰতৰ ১২ খন চহৰ হিমবাহ গলাৰ ফলত তিনিফুট পৰ্যন্ত পানীত ডুব যাব। পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধিৰ ফলত ভাৰতত সৃষ্টি হ’ব পৰা দুৰ্যোগৰ বিষয়ে এইদৰে প্ৰকাশ পাইছে। ৮০ বছৰৰ অৰ্থাৎ ২১০০ চনৰ সম্ভাব্য পৰিস্থিতিৰ বিষয়ে উল্লেথ কৰি আমেৰিকাৰ মহাকাশ সংস্থা নাছাই এক প্ৰতিবেদন প্ৰকাশ কৰে। প্ৰতিবেদন উল্লেখ কৰা মতে সমুদ্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত মেৰু অঞ্চলত জমা হৈ থকা বৰফ গলিবলৈ ধৰিব। আৰু তাৰ প্ৰভাৱ ভাৰতৰ অ’খা, মোৰমুগাঁও, কণ্ডলা, ভাৱনগৰ, মুম্বাই, মাংগালুৰু, চেন্নাই, বিশাখাপট্টনম, তুতীকোৰণ, কোচি, পাৰাদ্বীপ আৰু পশ্চিমবংগৰ কিডৰপোৰ সামুদ্ৰিক তীৰ অঞ্চলত পৰিব। এনে অৱস্থাত উক্ত স্থানত বাস কৰি থকা লোকসকলে সেই স্থান পৰিত্যাগ কৰিবলগীয়া হ’ব পাৰে বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে।

 

(R.T)