ভাৰতৰ স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধিৰ বাবে চৰকাৰে অক্লান্ত পৰিশ্ৰম কৰি আছে: প্ৰধানমন্ত্ৰী মোদী

pc the Newsmen

ভাৰতৰ স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধিৰ বাবে চৰকাৰে অক্লান্ত পৰিশ্ৰম কৰি আছে: প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে কয় যে চৰকাৰে ভাৰতৰ স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধিৰ বাবে অক্লান্ত পৰিশ্ৰম কৰি আছে। তেওঁ লগতে কয়, “আমাৰ নাগৰিকসকলৰ বাবে ভাল মানদণ্ডৰ আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।” তেওঁ কয়, “সুলভ স্বাস্থ্যসেৱাৰ ওপৰত আমাৰ গুৰুত্বই দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে গুৰুত্বপূৰ্ণ সঞ্চয় নিশ্চিত কৰিছে।”