ভাৰতৰ সৈতে আমাৰ সম্পৰ্ক নিজৰ যোগ্যতাৰ ওপৰত থিয় হৈ আছে: আমেৰিকা যুক্তৰাষ্ট্ৰ

pc.The Hindu

ভাৰতৰ সৈতে আমাৰ সম্পৰ্ক নিজৰ যোগ্যতাৰ ওপৰত থিয় হৈ আছে: আমেৰিকা যুক্তৰাষ্ট্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ইউক্ৰেইন সংকটক লৈ ৰাছিয়াৰ সৈতে উত্তেজনাই ভাৰতৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কত প্ৰভাৱ পেলাইছে নেকি বুলি সোধাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগৰ মুখপাত্ৰ নেড প্ৰাইচে কয়, “নহয়। ভাৰতৰ সৈতে আমাৰ এক সম্পৰ্ক আছে যি নিজৰ যোগ্যতাৰ ওপৰত থিয় হৈ আছে।” ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ইউক্ৰেইন-ৰাছিয়া বিষয়ত ভাৰতে ভোটদানৰ পৰা বিৰত থকা স্বত্বেও এই বিবৃতিটো আহিছে।