ভাৰতৰ অলিম্পিক অভিযানলৈ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডৰ অনুদান

pc NDTV Spots

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতৰ এই অলিম্পিক অভিযানলৈ এইবাৰ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ড (বি চি চি আই)এ দহ কোটি টকা অনুদান হিচাপে আগবঢ়াইছে। জানিব পৰা মতে ভাৰতৰ যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রণালয়ৰ পৰা এনে অনুদানৰ বাবে এক অনুৰোধ লাভ কৰিছিল বি চি চি আয়ে ৷ চৰকাৰৰ পৰা এনে অনুৰোধ লাভৰ পাছতে বি চি চি আয়ে এই ধনৰাশি আগবঢ়োৱাৰ সিদ্ধান্ত লয় ৷ এই সন্দৰ্ভত দেওবাৰে বি চি চি আইৰ এখন জৰুৰী সভা অনুষ্ঠিত হয়। বি চি চি আইৰ উক্ত সভাতে এই ধনৰাশি ভাৰতৰ অলিম্পিক অভিযানলৈ অনুদান হিচাপে আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।