ভাৰতে ২৪ ঘণ্টাত ১০,৪৮৮ টা নতুন কোভিড-১৯ ঘটনা

Pc CDC

ভাৰতে ২৪ ঘণ্টাত ১০,৪৮৮ টা নতুন কোভিড-১৯ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় মন্ত্ৰালয়ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১০,৪৮৮ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে । ৩১৩ জন লোকৰ কৰʼনা সংক্ৰমণৰ ফলত নতুনকৈ মৃত্যু হৈছে।আৰু ১২,৩২৯জন লোক ভাৰতত নতুনকৈ কৰʼনা সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। দেশৰ মুঠ কোভিড-১৯ ঘটনা ৩,৪৫,১০,৪১৩ লৈ বৃদ্ধি। আনহাতে মৃত্যুৰ সংখ্যা ৩,৬৫,৬৬২ লৈ বৃদ্ধি ।ভাৰতত বৰ্তমান ১,২২,৭১৪ টা সক্ৰিয় ঘটনা আছে।