ভাৰতে শীঘ্ৰেই নিজৰ এমআৰএনএ ভেকছিন লাভ কৰিব: নীতি আয়োগৰ সদস্য ভি কে পল

pc.- mint

ভাৰতে শীঘ্ৰেই নিজৰ এমআৰএনএ ভেকছিন লাভ কৰিব: নীতি আয়োগৰ সদস্য ভি কে পল

ৰঙিলী বাৰ্ত্তাসেৱা-  নীতি আয়োগৰ সদস্য ড০ ভি কে পলে কৈছিল যে ভাৰতে শীঘ্ৰেই ইয়াৰ প্ৰথম মেচেঞ্জাৰ আৰএনএ (এমআৰএনএ) ভেকছিন লাভ কৰিবলৈ সাজু হৈছে। “পুনেস্থিত জেনোভা বায়োফাৰ্মাচিউটিকেলছৰ দ্বাৰা বিকশিত কৰা ভাৰতৰ প্ৰথম স্বদেশী এমআৰএনএ কোভিড-১৯ভেকছিন বৰ্তমান চূড়ান্ত নিদানিক পৰীক্ষণৰ অধীনত আছে আৰু আমি আশা কৰোঁ যে আমি ইয়াক এদিন ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ম,” ডাঃ পলে লগতে কয়।