ভাৰতে বিশ্বৰ সৰ্ববৃহৎ খাদ্য বিতৰণ কাৰ্যসূচী চলাই আছে: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

P.c. MInt

ভাৰতে বিশ্বৰ সৰ্ববৃহৎ খাদ্য বিতৰণ কাৰ্যসূচী চলাই আছে: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

ৰঙিলী বাৰ্ত্তাসেৱা–  বাজেট অধিৱেশনৰ পূৰ্বে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে  কয় যে ভাৰতে “বিশ্বৰ সৰ্ববৃহৎ খাদ্য বিতৰণ কাৰ্যসূচী” চলাই আছে। তেওঁ লগতে কয় যে চৰকাৰে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ অধীনত প্ৰতি মাহে ৰেচন বিতৰণ কৰে যাতে  কোভিড-১৯ পৰিস্থিতিৰ মাজত “কোনেও ভোকত ঘৰলৈ উভতি নাহে”। আঁচনিখন ২০২২ চনৰ মাৰ্চ লৈকে সম্প্ৰসাৰিত কৰা হৈছে, তেওঁ লগতে কয়।