ভাৰতে এদিনত সৰ্বাধিক ২১.২৩ লাখ কোভিড-১৯ৰ পৰীক্ষাৰে অভিলেখ গঢ়িছে আৰু পজিটিভিটি ৰেট ১১.৩৪ শতাংশলৈ হ্ৰাস : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়

ভাৰতে এদিনত সৰ্বাধিক ২১.২৩ লাখ কোভিড-১৯ৰ পৰীক্ষাৰে অভিলেখ গঢ়িছে আৰু পজিটিভিটি ৰেট ১১.৩৪ শতাংশলৈ হ্ৰাস : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়

অনলাইল বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে  কয় যে ভাৰতে ২১.২৩ লাখতকৈও অধিক নতুন পৰীক্ষাৰ সৈতে এদিনতে সৰ্বাধিক কোভিড-১৯ পৰীক্ষা কৰাৰ অভিলেখ গঢ়িছে। ভাৰতত ২০ লাখতকৈও অধিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ এইটোও একেৰাহে পঞ্চম দিন।সামগ্ৰিকভাৱে, দেশত যোৱা 24 ঘণ্টাত ২১,২৩,৭৮২ টা পৰীক্ষা কৰা হৈছে। মন্ত্ৰালয়ে লগতে কয় যে দেওবাৰে দেশত প্ৰদান কৰা কোভিড-১৯ৰ ভেকছিনৰ পালিৰ সংখ্যা ১৯.৫০ কোটি অতিক্ৰম কৰিছে। “আজি পুৱা ৭ বজালৈকে , অস্থায়ী প্ৰতিবেদন অনুসৰি ২৮,০০,৮০৮ টা পালিৰ জৰিয়তে মুঠ ১৯,৫০,০৪,১৮৪ টা ভেকছিনপালি প্ৰদান কৰা হৈছে, বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনাই।

ভাৰতত দৈনিক পজিটিভিটি ৰেট ১১.৩৪ শতাংশলৈ হ্ৰাস পাইছে আৰু দেওবাৰে ভাৰতৰ মুঠ সক্ৰিয় কেছও ২৮,০৫,৩৯৯ লৈ হ্ৰাস পাইছে বুলি মন্ত্ৰালয়ে এক বিবৃতিত কয়।