ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক অতিক্ৰম কৰি দ্বিতীয় সৰ্বাধিক উৎপাদন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে

pc The Economic Times

ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক অতিক্ৰম কৰি দ্বিতীয় সৰ্বাধিক উৎপাদন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে

অনলাইন বাৰ্ত্তসেৱা – কুশ্বমেন এণ্ড ৱেকফিল্ডৰ ২০২১ চনৰ গ্লোবেল মেনুফেকচাৰিং ৰিস্ক ইণ্ডেক্স অনুসৰি, ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক অতিক্ৰম কৰি সমগ্ৰ বিশ্বত দ্বিতীয় সৰ্বাধিক উৎপাদনৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে। সূচকত এক নম্বৰ স্থানত আছে চীন, যি ৪৭ খন দেশৰ ভিতৰত বিশ্বব্যাপী উৎপাদনৰ ক্ষেত্ৰত আটাইতকৈ লাভজনক স্থান দখল কৰি আছে। যোৱা বছৰ, ভাৰত চতুৰ্থ স্থানৰ পৰা তৃতীয় স্থানলৈ উন্নিত হৈছিল।

(UD.)