ভাৰতে অলিম্পিকত পুৰুষৰ হকীত সৰ্বাধিক পদক অৰ্জন কৰি সৃষ্টি কৰে আন এক নতুন ইতিহাসৰ

pc OpIndia

ভাৰতে অলিম্পিকত পুৰুষৰ হকীত সৰ্বাধিক পদক অৰ্জন কৰি সৃষ্টি কৰে আন এক নতুন ইতিহাসৰ

অনলাইন বাৰ্ত্তাসেৱা – টকিঅ’ অলিম্পিকত জাৰ্মানীৰ বিৰুদ্ধে অনুস্থিত হোৱা খেলখনত বিজয় লাভ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰি ভাৰতীয় পুৰুষৰ হকী দলে সৃষ্টি কৰিবলৈ সক্ষম হয় আন এক নতুন ইতিহাসৰ। অলিম্পিকত সৰ্বাধিক সংখ্যক পদক অৰ্জন কৰি ইতিহাস ৰচে এই দলটোৱে। ভাৰতে এতিয়া অলিম্পিকত পুৰুষৰ হকীত ১২ টা পদক (৮ টা সোণ, ১ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জ) লাভ কৰিছে। জাৰ্মানীয়ে ১১ টা পদক (৪ টা সোণ, ৩ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জ)ৰ সৈতে যি স্থান দখল কৰি আছিল সেই স্থান ভাৰতে অতিক্ৰম কৰে।

(UD.)