ভাৰতীয় বক্সাৰ মনিকাৰ থাইলেণ্ড অপেন আন্তৰাষ্ট্ৰীয় বক্সিং প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ 

pc sportstar- The Hindu

ভাৰতীয় বক্সাৰ মনিকাৰ থাইলেণ্ড অপেন আন্তৰাষ্ট্ৰীয় বক্সিং প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ 

ৰঙিলী বাৰ্ত্তাসেৱা-   ভাৰতৰ মণিকাই ফুকেত অনুষ্ঠিত থাইলেণ্ড অপেন আন্তৰাষ্ট্ৰীয় বক্সিং প্রতিযোগিতাৰ মহিলাৰ ৪৮ কিলগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত বিশ্ব চেম্পিয়নশ্বিপত দুবাৰকৈ পদক বিজেতা ফিলিপাইনছৰ জোচি গেইবুক’ক পৰাস্ত কৰি ছেমিফাইলেত স্থান নিশ্চিত কৰে। গেইবুকই বিশ্ব চেম্পিয়নশ্বিপত ২০০৮ চনত ব্ৰঞ্জ আৰু ২০১২ চনত সোণৰ পদক লাভ কৰিছিল। মণিকা ছেমিফাইনেলত ভিয়েটনামৰ ট্রান থি ডিয়েম কিয়ুৰ সন্মুখীন হব। ভাৰতৰ আন দুগৰাকী খেলুৱৈ আশীষ কুমাৰ আৰু মনীষয়ো নিজ নিজ শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে।