ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰীৰ মুৰব্বীৰ ‘দ্য কাশ্মীৰ ফাইলছ’ক সমালোচনা

Pc Time of India

ৰঙিলী বাৰ্ত্তাসেৱা- ইজৰাইলৰ চলচ্চিত্ৰ নিৰ্মাতা তথা আইএফএফআই (ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ) ২০২২ ৰ জুৰীৰ মুৰব্বীয়ে বলীউডৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ক সমালোচনা কৰি ইয়াক “একপক্ষীয় প্ৰচাৰ” আৰু “অশ্লীল চিনেমা” বুলি অভিহিত কৰিছে ।  সোমবাৰে গোৱাত অনুষ্ঠিত হোৱা আই এফ এফ আইৰ সামৰণি অনুষ্ঠানত ভাষণ দি নাদাভে এইদৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে । সামৰণি অনুষ্ঠানত কেইবাগৰাকীও চেলেব্ৰিটীয়ে অংশগ্ৰহণ কৰে । নাদাভে কয় যে মহোৎসৱত ছবিখন প্ৰদৰ্শিত হোৱা দেখি জুৰী সদস্যসকল বিচলিত আৰু স্তম্ভিত হৈ পৰিছিল । ইণ্ডিয়ান পেনোৰামা শাখাৰ বাবে নিৰ্বাচিত হোৱা কাশ্মীৰ ফাইলছ ২২ নৱেম্বৰত প্ৰদৰ্শিত হয় ৷ এই বিশেষ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল চিনেমাখনত অভিনয় কৰা অনুপম খেৰেও ।