ভাৰতত এদিনত নতুনকৈ ৪০ হাজাৰতকৈও অধিক লোক কৰ’নাত  আক্ৰান্ত 

pc Friedrich Alexander Universitat

ভাৰতত এদিনত নতুনকৈ ৪০ হাজাৰতকৈও অধিক লোক কৰ’নাত  আক্ৰান্ত 

অনলাইন বাৰ্ত্তাসেৱা – স্বাস্থ্য বিভাগে সদৰী কৰা মতে, এটা দিনৰ ভিতৰতে ভাৰতত নতুনকৈ কৰ’না ভাইৰাছত সংক্ৰমিত হৈছে ৪৪,৬৫৮জন লোক। এই সময়ছোৱাত কেৰালাত দেশৰ ভিতৰতে সৰ্বাধিক ৩০ হেজাৰৰো অধিক লোক নতুনকৈ সংক্রমিত হৈছে। একেৰাহে দ্বিতীয় দিনৰ বাবে কেৰালাত দেশৰ ভিতৰতে সৰ্বাধিক লোক কৰ’নাত নতুনকৈ সংক্রমিত হয়। যোৱা ২৪ ঘণ্টাত কৰ’নাৰ সংক্ৰমণত দেশত প্ৰাণ হেৰুৱাইছে ৪৯৬জন লোকে। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান কৰ’নাৰ সংক্ৰমণৰ ফলত চিকিৎসাধীন লোকৰ সংখ্যা হৈছেগৈ ৩,৪৪,৮৯৯জন। বিগত ২৪ ঘণ্টাত ভাৰতত কৰ’নাৰ সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে অতি কমেও ৩২,৯৮৮ জন লোক। যোৱা ২৪ ঘণ্টাত কেৰালাত নতুনকৈ কৰ’নাত সংক্ৰমিত হৈছে ৩০,০০৭ জন লোক আৰু মৃত্যু ঘটিছে ১৬২জন লোকৰ। আনহাতে মহাৰাষ্ট্ৰত যোৱা ২৪ ঘণ্টাত ৫,১০৮জন লোক নতুনকৈ সংক্ৰমিত হোৱাৰ বিপৰীতে মৃত্যু ঘটে ১৪৫জন লোকৰ। ইফালে দিল্লীত বৃহস্পতিবাৰে নতুনকৈ সংক্রমিত লোকৰ সংখ্যা ৪৫জনলৈ বৃদ্ধি পায় ৷ অৱশ্যে দিল্লীত এই সময়ছোৱাত কোনো লোকৰ কৰনাৰ সংক্ৰমণত মৃত্যু ঘটা নাই।

(UD.)