ভাৰতত  ৯,১৯৫ জন লোক নতুনকৈ কৰ’নাত সংক্ৰমিত

Pc NPR

ভাৰতত  ৯,১৯৫ জন লোক নতুনকৈ কৰ’নাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৯,১৯৫ জন লোক কৰ’নাত সংক্ৰমিত হৈছে।ভাৰতত মুঠ কৰ’নাত সংক্ৰমিত লোকৰ সংখ্যা ৩৪,৮০৮,৮৮৬ জনলৈ বৃদ্ধি পাইছে। ভাৰতত যোৱা ২৪ ঘণ্টাত ৩০২ জনলোকৰ নতুনকৈ মৃত্যু হৈছে। যাৰ ফলত ভাৰতত কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৮০,৫৯২ জন লৈ বৃদ্ধি পায়। ৭,৩৪৭ জন লোক নতুনকৈ কৰ’না সংক্ৰমণৰ পৰা নতুনকৈ সুস্থ হৈ উঠিছে। যাৰ ফলত ভাৰতত মুঠ কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা ৩,৪২,৫১,২৯২ জন হৈছে।আনহাতে ভাৰতত বৰ্তমান ৭৭,০০২টা সক্ৰিয় ঘটনা আছে।