ভাৰতত ৭ হেজাৰ নতুন কৰ’নাৰ ঘটনা

PC Olive- Diagnostics

ভাৰতত ৭ হেজাৰ নতুন কৰ’নাৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৭,৭৭৪ জন লোক নতুনকৈ কৰ’নাত সংক্ৰমিত হৈছে। দেশখনত নতুনকৈ কৰ’না সংক্ৰমণৰ ফলত ৩০৬ জন লোকৰ মৃত্যু হৈছে। যাৰ ফলত ভাৰতত মৃত্যুৰ সংখ্যা ৪,৭৫,৪৩৪জনলৈ বৃদ্ধি পাই। লক্ষণীয়ভাৱে,  ভাৰতত নতুনকৈ কৰ’না সংক্ৰমিত হোৱা লোক সকলৰ ভিতৰত কেৰালাত ৩,৭৯৫ জন লোক সংক্ৰমিত হৈছে আৰু ২৪৫ জন লোকৰ মৃত্যু হৈছে। ভাৰতত বৰ্তমান ৯২,২৮১ টা সক্ৰিয় ঘটনা আছে। আনহাতে  দৈনিক পজিটিভৰ হাৰ ০.৬৫%।