ভাৰতত ৫হেজাৰ লোক নতুনকৈ কৰ’নাত সংক্ৰমিত

pc national institutes of health

ভাৰতত ৫হেজাৰ লোক নতুনকৈ কৰ’নাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত নতুনকৈ ৫,৩২৬ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। দেশখনত নতুনকৈ ৪৫৩ জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। যাৰ ফলত ভাৰতত কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৭৮,০০৭ জনলৈ বৃদ্ধি হয়। লক্ষণীয়ভাৱে দেশত নতুনকৈ সংক্ৰমিত হোৱা লোকসকলৰ ভিতৰত কেৰালাৰ ২,২৩০ জন লোক । আৰু কেৰালাত ৪১৯ জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। আনহাতে ভাৰতত বৰ্তমান ৭৯,০৯৭টা সক্ৰিয় ঘটনা আছে।