ভাৰতত ৪৮৮ জনলোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু

p.c. Epicentre-MSF

ভাৰতত ৪৮৮ জনলোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত ৩,৩৭,৭০৪ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। দেশখনত নতুনকৈ কৰ’নাত সংক্ৰমণৰ ফলত ৪৮৮ জনলোকৰ মৃত্যু হৈছে। আৰু ২,৪২,৬৭৬ জন লোক নতুনকৈ কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। দেশখনত মুঠ ৩,৬৩,০১,৪৮২ জন লোক কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। আনহাতে ভাৰতত বৰ্তমান ২১,১৩,৩৬৫ টা সক্ৰিয় ঘটনা আছে।