ভাৰতত ২.৩৪লাখ লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

p.c. CNN

ভাৰতত ২.৩৪লাখ লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ২,৩৪,২৮১ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু দেশখনত যোৱা ২৪ ঘণ্টাত ৮৯৩ জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। দেশকনত নতুনকৈ মৃত্যু হোৱা লোক সকলৰ ভিতৰত কেৰালাৰ ৩১১ জন লোক। দেশখনত বৰ্তমান  ১৮,৮৪,৯৩৭ টা সক্ৰিয় ঘটনা আছে। দৈনিক পজিটিভৰ হাৰ ১৩.৩৯% ৰ পৰা  ১৪.৫০%লৈ বৃদ্ধি হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত ৩,৫২,৭৮৪ জনলোক কৰ’না সংক্ৰমণর পৰা সুস্থ হৈ উঠিছে।