ভাৰতত ১,০৮৬ জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত

pc UNEP

ভাৰতত ১,০৮৬ জনলোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১,০৮৬ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত ৭১ জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। আৰু যোৱা ২৪ ঘণ্টাত ১,১৯৮ জনলোক কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। দেশখনত নতুনকৈ মৃত্যু হোৱা লোকৰসকলৰ ভিতৰত কেৰালাৰ ৬৩ জনলোক। ভাৰতত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২১,৪৮৭ জনলৈ বৃদ্ধি হৈছে। আনহাতে ভাৰতৰ সক্ৰিয় কেছলোড ১১,৮৭১ লৈ হ্ৰাস পাইছে।