ভাৰতত যোৱা ২৪ ঘণ্টাত ৩০,৫৪৯ টা নতুন কৰʼনা সংক্ৰমনৰ ঘটনা আৰু ৪২২জন লোকৰ মৃত্যুৰ ঘটিছে

pc-WebMD

ভাৰতত যোৱা ২৪ ঘণ্টাত ৩০,৫৪৯ টা নতুন কৰʼনা সংক্ৰমনৰ ঘটনা আৰু ৪২২জন লোকৰ মৃত্যুৰ ঘটিছে

অনলাইন বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত  ৩০,৫৪৯ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে।আৰু ৪২২ জন লোকৰ মৃত্যু ঘটিছে।দেশত কৰʼনাত আক্ৰন্তৰ সংখ্যা ৪,০৪,৯৫৮ লৈ হ্ৰাস পাইছে। ভাৰতত কৰʼনাৰ মুঠ ঘটনাৰ সংখ্যা হৈছে ৩,১৭,২৬,৫০৭ আৰু মুঠ মৃত্যুৰ সংখ্যা ৪,২৫,১৯৫ জন, আজি পুৱা 8 বজাত আপডেট কৰা তথ্যই প্ৰকাশ কৰিছে।বৰ্তমান কৰʼনাত আক্ৰন্ত ৰোগীৰ সংখ্যা ৪,০৪,৯৫৮ লৈ হ্ৰাস পাইছে, যি মুঠ সংক্ৰমণৰ ১.২৮ শতাংশ । ভাৰতত বৰ্তমান কোভিড-১৯ত সুস্থ ৰোগীৰ হাৰ 97.38 শতাংশলৈ বৃদ্ধি হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীলয়ে জনাইছে।

(R.T)