ভাৰতত প্ৰায় ২.৫ লাখ লোক কৰ’নাত আক্ৰান্ত

P.c AARP

ভাৰতত প্ৰায় ২.৫ লাখ লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ২,৪৭,৪১৭ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৮৪,৮২৫ জন লোক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।  যোৱা ২৪ ঘণ্টাত দেশখনত ৩৮০ জনলোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। ভাৰতত বৰ্তমান ১১,১৭,৫৩১ টা সক্ৰিয় ঘটনা আছে। আনহাতে দৈনিক পজিটিভৰ হাৰ ১৩.১১% লৈ বৃদ্ধি হৈছে। দেশত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা ৫,৪৮৮ জনলৈ বৃদ্ধি হৈছে।