ভাৰতত নতুনকৈ ৯,২১৬ জন লোক কৰʼনাত সংক্ৰমিত

Pc CDC

ভাৰতত নতুনকৈ ৯,২১৬ জন লোক কৰʼনাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৯,২১৬ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। আৰু ভাৰতত ৩৯১ জন লোকৰ নতুনকৈ কৰʼনা সংক্ৰমণত মৃত্যু হৈছে। যাৰ ফলত ভাৰতত মুঠ মৃত্যুৰ সংখ্যা ৪,৭০,১১৫জন লৈ বৃদ্ধি হয়। ৮,৬১২ জন লোক যোৱা ২৪ ঘণ্টাত কৰʼনা সংক্ৰমমৰ পৰা সুস্থ হৈ উঠিছে।আৰু মুঠ আৰোগ্যৰ সংখ্যা ৩,৪০,৪৫,৬৬৬ জনলৈ বৃদ্ধি পাইছে৷ ভাৰতত মুঠ সুস্থৰ হাৰ হৈছে ৯৮.৩৫ শতাংশ।আনহাতে ভাৰতত বৰ্তমান ৯৯,৯৭৬ টা সক্ৰিয় ঘটনা আছে।