ভাৰতত নতুনকৈ ৬ হেজাৰ লোক কৰ’নাত আক্ৰান্ত

pc UNEP

ভাৰতত নতুনকৈ ৬ হেজাৰ লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত  নতুনকৈ ৬,৬৫০ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। দেশখনত নতুনকৈ ৩৭৪জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। যাৰ ফলত কৰ’না সংক্ৰণৰ ফলত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৭৯,১৩৩ লৈ বৃদ্ধি পায়। ভাৰতত বৰ্তমান ৭৭,৫১৬ টা সক্ৰিয় ঘটনা আছে। আনহাতে ভাৰতত যোৱা ২৪ ঘণ্টাত অমিক্ৰণত নতুনকৈ ১২২ জন লোক সংক্ৰমিত হয়। যাৰ ফলত ভাৰতত অমিক্ৰণত সংক্ৰমিত হোৱা লোকৰ সংখ্যা ৩৫৮ জনলৈ বৃদ্ধি হয়। এতিয়ালৈকে ভাৰতত মুঠ ১৭ খন ৰাজ্য আৰু ইউটিএছে ওমাইক্ৰন ঘটনাৰ প্ৰতিবেদন দিছে। মহাৰাষ্ট্ৰত সৰ্বাধিক সংখ্যক ঘটনা ৮৮ টা হৈছে। দিল্লীয়ে ৬৭ টা অমিক্ৰণত সংক্ৰমিত হৈছে।