ভাৰতত নতুনকৈ ৪৩৪জন লোকৰ  কৰ’না সংক্ৰমণত মৃত্যু

Pc CGTN

ভাৰতত নতুনকৈ ৪৩৪জন লোকৰ  কৰ’না সংক্ৰমণত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৭,৪৯৫ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। দেশখনত নতুনকৈ কৰ’না সংক্ৰমণৰ ফলত ৪৩৪ জনলোকৰ মৃত্যু হৈছে। যাৰফলত ভাৰতত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৭৮,৭৫৯ জনলৈ বৃদ্ধি পায়। ভাৰতত বৰ্তমান ৭৮,২৯১টা সক্ৰিয় ঘটনা আছে। দেশখনত এতিয়ালৈ অমিক্ৰণত ২৩৬ জনলোক সংক্ৰমিত হৈছে। অমিক্ৰণত সংক্ৰমিত হোৱা লোকসকলৰ ভিতৰত মহাৰষ্ট্ৰত ৬৫জন লোক আৰু দিল্লীত ৬৪ জন লোক।