ভাৰতত নতুনকৈ ২,৮৭৬ জন লোক কৰ’নাত আক্ৰান্ত 

pc GARD

ভাৰতত নতুনকৈ ২,৮৭৬ জন লোক কৰ’নাত আক্ৰান্ত 

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ২,৮৭৬ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। যোৱা ২৪ঘণ্টাত ৯৮ জন লোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। ৩,৮৮৪ জন লোক কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে।দেশত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,১৬,০৭২ জনলৈ বৃদ্ধি হৈছে। আনহাতে সক্ৰিয় কেছলোড ৩২,৮১১ লৈ হ্ৰাস পাইছে।