ভাৰতত নতুনকৈ ২০২ জনলোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু

Pc CGTN

ভাৰতত নতুনকৈ ২০২ জনলোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৭,৩৫০জন লোক কৰ’নাত সংক্ৰমিত হৈছে। দেশখনত ২০২ জন লোকৰ নতুনকৈ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে। যাৰ ফলত ভাৰতত কৰ’নাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৭৫,৬৩৬ জনলৈ বৃদ্ধি পাই। কৰ’নাত সংক্ৰমিত লোকৰ ভিতৰত ৩,৭৭৭ জন লোক কেৰালাৰ। আনহাতে কেৰালত ১৪৩ জন লোকৰ মৃত্যু হৈছে। ভাৰতত বৰ্তমান ৯১,৪৫৬টা সক্ৰিয় ঘটনা আছে। আনহাতে দৈনিক পজিটিভৰ হাৰ ০.৮৬%।