ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত এদিনৰ ভিতৰতে প্ৰাণ হেৰুৱালে ৫৩৫ জন লোকে

pc-BBC

ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত এদিনৰ ভিতৰতে প্ৰাণ হেৰুৱালে ৫৩৫ জন লোকে

অনলাইন বাৰ্ত্তাসেৱা– ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত এদিনৰ ভিতৰতে প্ৰাণ হেৰুৱালে ৫৩৫ জন লোকে। এটা দিনৰ ভিতৰতে ভাৰতত ৩৯,৭৪২ জন লোক কৰ’না ভাইৰাছত নতুনকৈ সংক্ৰমিত হৈছে বুলি স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰে। সংক্ৰমিত হৈ চিকিৎসাধীন অৱস্থাত থকা লোকৰ সংখ্যা হৈছেগৈ ৪,০৮,২১২ জন। আগৰ তুলনাত চিকিৎসাধীন লোকৰ সংখ্যা কিছু হ্ৰাস পাইছে। উল্লেখযোগ্য যে ভাৰতত ৪৫.৩৭ কোটি পালি কৰ’নাৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে।

(R.T)