ভাৰতত ক’ৰ’নাৰ চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ লহৰো অহাৰ আশংকাঃ ডাঃ কং

pc Economictimes

অনলাইন বাৰ্ত্তাসৱোঃ- প্ৰতিষেধক বিজ্ঞানী হিচাপে প্ৰসিদ্ধি লাভ কৰা খ্ৰীষ্টান চিকিৎসা মহাবিদ্যালয়, ভেল্লোৰৰ অধ্যাপিকা ডাঃ গগণদীপ কঙে কয় যে ভাৰতত তৃতীয় লহৰ অহাৰ আশংকা নুই কৰিব নোৱাৰি। ভাৰতত চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ লহৰো আহিব পাৰে। সাধাৰণতে মহামাৰীৰ ক্ষেত্ৰত এনেকুৱাই হয়। ই লাহে লাহে দুৰ্বল হৈ পৰে আৰু এসময়ত ই স্থানীয় ৰোগৰ পৰ্যায়লৈ আহে— ডাঃ কঙে এনেদৰে কয়। আমেৰিকাত শিশুৰ দেহত সফল প্ৰয়োগ কৰা ফাইজাৰ আৰু মডাৰ্ণাৰ প্ৰতিষেধক ভাৰততো উপলব্ধ হোৱাৰ সম্ভাৱনা আছেনে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে তেনে সম্ভাৱনা নথকা নহয়। শিশু আৰু ডাঙৰৰ প্ৰতিষেধক পৃথক নহয়। কেৱল শিশুৰ বাবে পালি মিলাব [এডজাষ্ট] কৰাবলগীয়া হয়। আমেৰিকাত দেখা গৈছে যে ফাইজাৰ আৰু মডাৰ্ণাৰ প্ৰতিষেধকৰ পালি এডজাষ্ট কৰাৰ প্ৰয়োজন হোৱা নাই। তাত ডাঙৰক দিয়াৰ দৰেই সৰুকো সমপৰিমাণৰ পালি প্ৰদান কৰা হৈছে’– ডাঃ কঙে কয়।