ভাচুৱেল মাধ্যমযোগে অনুষ্ঠিত কৰা হয় মহানগৰ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা

pc-Northeast Now

ভাচুৱেল মাধ্যমযোগে অনুষ্ঠিত কৰা হয় মহানগৰ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভা

অনলাইন বাৰ্ত্তাসেৱা– কৰ’না মহামাৰীৰ পৰিস্থিতিৰ বাবে ভাচুৱেল মাধ্যমযোগে অনুষ্ঠিত হোৱা এই কাৰ্যনিবাহক সভাখন অসম সাহিত্য সভাৰ আৰম্ভণী গীত চিৰ চেনেহী মোৰ ভাষা জননী পৰিৱেশনেৰে শুভাৰম্ভ কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ডিম্বেশ্বৰ পাঠকে। উদ্দেশ্য ব্যাখ্যা কৰি পাঠকে কয় যে যদিও যোৱা বছৰৰ পৰা পৰিস্থিতি সুচল নহয় তাৰ মাজতে অনুষ্টুপীয়াকৈ হ’লেও সভাই কাম-কাজবোৰ কৰি যাবলৈ চেষ্টা কৰিছে। চিৰদিনৰ বাবে বিদায় লোৱা জ্ঞাত-অজ্ঞাত বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিত এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। জিলাৰ সভাপতি দাসো কলিতাই প্ৰাৰম্ভিক ভাষণত কয় যে বৰ্তমান অসমীয়া ভাষাৰ যি বিপৰ্যয় আহি পৰিছে তাৰ বাবে সকলোৱে মাৰ বান্ধি থিয় হ’ব লাগিব। কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ ৰাজ্যভাষা আৰু মাতৃভাষা উপ-সমিতিৰ আহ্বায়ক মনোজ কুমাৰ দাসে বিভিন্ন সামাজিক মাধ্যমত অসমীয়া লিপি ব্যৱহাৰ কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ লগতে কথা-বতৰা যাতে শুদ্ধ অসমীয়াত পতা হয় তাৰ পোষকতা কৰে।

(R.T)