ভাইৰেল ফিভাৰ – ডাঃ ৰূপ শেখৰ ডেকা

        ভাইৰেল ফিভাৰ হৈছে এনেকুৱা এটা ৰোগ যাৰ দ্বাৰা বতৰ পৰিৱৰ্তনৰ সময়ত সকলো মানুহেই কম বেছি পৰিমাণে আক্রান্ত হয়। ভাইৰেল ফিভাৰ বিভিন্ন প্ৰকাৰৰ আছে যদিও সচৰাচৰ ইনফ্লুয়েঞ্জা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱা ৰোগবিধৰ বিষয়েই মানুহে ধাৰণা কৰে। কিন্তু ভাইৰেল ফিভাৰ বুলি ক’লে ইনফ্লুয়েঞ্জা ভাইৰাছৰ উপৰিও দুশতকৈ অধিক ভাইৰাছৰ দ্বাৰা মানুহ আক্রান্ত হয়। ইনফ্লুয়েঞ্জা বা ফ্লু ৰোগৰ উপৰিও আন কিছুসংখ্যক ভাইৰেল ফিভাৰ হৈছে— চাইনাছৰ ইনফেক্শ্যন, ভাইৰেল গেষ্ট্র’ এণ্টেৰাইটিছ (পনীয়া পায়খানা হোৱা), বার্ড ফ্লু, ডেংগি আদি। সৰহসংখ্যক ভাইৰেল ইনফেক্শ্যনেই আপোনা আপুনিয়েই ভাল হয় যদিও কিছুসংখ্যক ভাইৰেল ৰোগে ভয়াৱহ অৱস্থাৰো সৃষ্টি কৰিব পাৰে। যেনে ইব’লা বা ডেংগি ৰোগ। সেয়েহে ভাইৰেল ইনফেশ্যন হ’লে ই যদি আপোনা আপুনি ভাল হোৱাৰ সলনি বেছি হৈ যায়, তেন্তে যথাসম্ভৱ সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিতান্তই জৰুৰী।

 

ভাইৰেল ফিভাৰৰ কাৰণঃ

        মানুহ আক্ৰান্ত হোৱা সৰহসংখ্যক ভাইৰাছেই আৰ. এন. এ. ভাইৰাছ যদিও কিছুসংখ্যক ডি. এন. এ. ভাইৰাছৰ দ্বাৰাও মানুহ আক্ৰান্ত হয় ৷ এই আৰ. এন. এ. বা ডি. এন. এ. বিধক প্ৰটিনৰ খোলা এটাই আৱৰি থাকে, যিটোক কোৱা হয় কেপচিড। এই কেপচিডবিধক আকৌ এবিধ লিপিডে আৱৰি থাকে। ভাইৰেল ৰোগত আক্ৰান্ত এজন মানুহে যদি অইন কাৰোবাৰ ওচৰত কাঁহ মাৰে, হাচি মাৰে বা হামিয়ায় বা কথাও কয়, তেন্তে এজন মানুহৰ পৰা অইন এজনলৈ ভাইৰেল ৰোগ সংক্রমিত হ’ব পাৰে। এনেদৰে নাক বা মুখেৰে ভাইৰাছ সোমাই আক্রান্ত হোৱাটোক বতাহৰ দ্বাৰা ৰোগ সংক্ৰমিত হোৱা (Airborne) বুলি কোৱা হয়। ইয়াৰ উপৰিও কেতিয়াবা হাতৰ পৰা চকুলৈ, হাতৰ পৰা নাকলৈ বা হাতৰ পৰা মুখলৈ প্ৰত্যক্ষভাৱেও এই ৰোগ সংক্রমিত হ’ব পাৰে। খোৱা পানীৰ দ্বাৰাও (Waterborne) কেতিয়াবা ভাইৰেল ৰোগ সংক্রমিত হ’ব পাৰে। কেতিয়াবা যৌন সংক্রমণ বা ৰক্তৰ দ্বাৰা প্ৰত্যক্ষভাৱেও (উদাহৰণস্বৰূপে প্ৰত্যক্ষভাৱে ড্রাগ এডিক্টসকলৰ ক্ষেত্ৰত) ভাইৰেল ইনফেশ্যন হ’ব পাৰে ৷ এবাৰ সংক্ৰমিত হোৱাৰ পিছত ৰোগবিধ এজন মানুহৰ দেহত সম্পূৰ্ণভাৱে বিকশিত হ’বলৈ ক’মেও ১৬ৰ পৰা ৪৮ ঘণ্টাৰ প্ৰয়োজন হয়।

 

ভাইৰেল ফিভাৰৰ লক্ষণঃ

        ভাইৰেল ৰোগৰ নানান ধৰণৰ লক্ষণ থাকে। সচৰাচৰ ভাগৰ লগা, মাংসপেশীৰ বিষ, নাক বন্ধ হোৱা অথবা নাকৰ পানী ওলোৱা, শৰীৰৰ উত্তাপ বৃদ্ধি পোৱা, ডিঙি উখহা বা ডিঙিৰ বিষ, মূৰৰ বিষ, চকু ৰঙা হোৱা, কাহ, পনীয়া পায়খানা হোৱা আৰু পেটৰ বিষ ইত্যাদিবোৰেই হৈছে ভাইৰেল ৰোগৰ লক্ষণ। ভাইৰেল ৰোগ সচৰাচৰ নিজে নিজেই ভাল হয় যদিও ভাগৰ লগাটো ৰোগবিধ ভাল হোৱাৰ পিছতো কিছু দিনলৈ থাকিব পাৰে। কিন্তু কেতিয়াবা ভাইৰেল ৰোগৰ পৰিণামত মানুহে নিউমোনিয়া, জণ্ডিচ বা তেনেধৰণৰ জটিল ৰোগতো আক্রান্ত হ’ব পাৰে। যদিহে ভাইৰেল ৰোগ পাঁচ দিন মানৰ ভিতৰত ভাল হৈ নুঠে, তেন্তে ডাক্তৰৰ পৰামৰ্শ লোৱাটো নিতান্তই প্রয়োজন।

 

ভাইৰেল ফিভাৰৰ প্ৰতিৰোধঃ

       পৰিস্কাৰ-পৰিচ্ছন্নতা তথা নিয়মানুৱর্তিতাই হৈছে ভাইৰেল ৰোগ প্ৰতিৰোধ কৰাৰ মূল উপায়। ভাইৰেল ৰোগ প্ৰতিৰোধৰ বাবে ল’বলগীয়া উপায়সমূহ হৈছে— হাত পৰিস্কাৰকৈ ধোৱা, পৰিস্কাৰভাৱে তৈয়াৰী আহাৰ গ্ৰহণ কৰা, পৰিস্কাৰ পৰিৱেশ, বিজ্ঞানসন্মত আৱৰ্জনা নিষ্কাশন, পৰিস্কাৰ জল গ্রহণ আৰু ভেকচিন লোৱা। বর্তমান কিছুসংখ্যক ভাইৰাছৰ প্ৰতিৰোধৰ বাবে ভেকচিন ওলাইছে যদিও সু-নির্দিষ্টকৈ ভেকচিনৰ দ্বাৰা ভাইৰাছ প্ৰতিৰোধ কৰা সম্পৰ্কত এতিয়াও যথেষ্টসংখ্যক গৱেষণাৰ প্রয়োজন। কিছুসংখ্যক এণ্টিভাইৰেল মেডিচিন বজাৰত পোৱা যায়। এইবোৰ ভাইৰাছসমূহ নির্মূল কৰাত বিশেষ সহায়ক নহয় যদিও সঠিক সময়ত ব্যৱহাৰ কৰিলে এইবোৰে ভাইৰাছসমূহক প্ৰতিৰোধ কৰিব পাৰে বুলি গৱেষকসকলে বিশ্বাস কৰে। সেয়েহে ভাইৰাছ প্ৰতিৰোধ কৰাৰ উপযুক্ত আহিলা হৈছে ওপৰত উল্লিখিত কাৰকসমূহ। জিংক আৰু ভিটামিন চি-এ ভাইৰেল ইনফেক্শ্যন প্ৰতিৰোধ কৰে বুলি প্ৰমাণিত হৈছে। ভিটামিন ডি-এ মানুহৰ শৰীৰটোক যিকোনো ইনফেক্শ্যনৰ বিৰুদ্ধে ভিতৰৰ পৰা সৱল কৰে বুলি প্ৰমাণিত হৈছে। সঠিক পৰিমাণৰ টোপনিও (দৈনিক সাত,আঠ ঘণ্টা) ভাইৰাছ প্ৰতিৰোধৰ এক শক্তিশালী উপায় ৷

 

ভাইৰেল ফিভাৰৰ চিকিৎসাঃ

       ভাইৰেল ফিভাৰৰ চিকিৎসা মানেই হৈছে ইয়াৰ লক্ষণ সমূহৰ চিকিৎসা ৷ উদাহৰণস্বৰূপে শৰীৰৰ উত্তাপ বৃদ্ধি পালে, অথবা মংসপেশীৰ বিষ অত্যধিক হ’লে, বজাৰত উপলব্ধ পেৰাছিটামল টেবলেট দিনত তিনিবাৰলৈ নিশ্চিন্ত মনে গ্ৰহণ কৰিব পাৰে। যদিহে মাংসপেশীৰ বিষ অত্যাধিক হয় তেন্তে কেতিয়াবা বিষৰ ঔষধৰো প্ৰয়োজন হয়। ভাইৰেল ফিভাৰত সচৰাচৰ এণ্টিবায়’টিকৰ প্ৰয়োজন নহয়। কিন্তু প্রয়োজন সাপেক্ষে ছেকেণ্ডাৰী ইনফেক্শ্যন প্ৰতিৰোধৰ বাবে চিকিৎসকে কেতিয়াবা ৰোগীক এণ্টিবায়’টিক ব্যৱহাৰ কৰিবলৈ দিয়ে। যদি অত্যাধিক পনীয়া পায়খানা হয়, তেন্তে চেলাইন লোৱাৰো প্ৰয়োজন হয়। কিছুসংখ্যক ভাইৰাছে শৰীৰৰ প্লেটলেটৰ সংখ্যা হ্রাস কৰে। যেনে—ডেংগী। তেনেস্থলত ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰাই প্লেটলেট দিয়াৰো প্ৰয়োজন হয়। যিহেতু ভাইৰাছসমূহে সঘনাই নিজৰ অৱয়ব সলনি কৰিব পাৰে সেয়েহে সকলো ভাইৰাছৰ ভেকচিন উলিওৱা সম্ভৱ নহয়। কিন্তু নিত্য নতুন ভাইৰাছৰ আৱিৰ্ভাৱ চিকিৎসকসকলৰ বাবে এক প্ৰত্যাহ্বান হিচাপে দেখা দিছে।

 

ভাইৰেল ফিভাৰৰ ঘৰুৱা চিকিৎসাঃ

       কিছুমান সামগ্ৰীয়ে ভাইৰাছ প্ৰতিৰোধ বা নির্মূল কৰে বুলি মানুহৰ বিশ্বাস আছে। নহৰু, কমলা টেঙা, ঔটেঙা, গোল নেমু, মৌ, আদা ইত্যাদি মানুহে ভাইৰাছ প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা দেখা যায়। নিয়মিত যোগাসন অথবা লঘু কচৰতে ভাইৰাছ প্ৰতিৰোধ কৰাত নিশ্চিতভাৱে মানুহক সহায় কৰে। আনকি ভাইৰেল ফিভাৰ হৈ থকা সময়তো লঘু শ্বাস-প্রশ্বাসৰ কচৰত কৰিলে নেজেল ড্রপ নল’লেও নাক খোল খায় আৰু সোনকালে আৰোগ্য হোৱাৰ পথ প্রশস্ত হয়।