ভঙাগড় আৰু দিছপুৰ থানাৰ অন্তৰ্গত উপ-আৰক্ষী আয়ুক্তৰ তৰফৰ পৰা ১৪৪ ধাৰা আৰোপ কৰি পদপথ-ৰাস্তাৰ কাষত বস্তু বেচা-কিনাত নিষেধাজ্ঞা

pc-Istock

ভঙাগড় আৰু দিছপুৰ থানাৰ অন্তৰ্গত উপ-আৰক্ষী আয়ুক্তৰ তৰফৰ পৰা ১৪৪ ধাৰা আৰোপ কৰি পদপথ-ৰাস্তাৰ কাষত বস্তু বেচা-কিনাত নিষেধাজ্ঞা

ৰঙিলী বাৰ্ত্তাসেৱা-   ভঙাগড় আৰু দিছপুৰ থানাৰ অন্তৰ্গত উপ-আৰক্ষী আয়ুক্তৰ তৰফৰ পৰা ১৪৪ ধাৰা আৰোপ কৰি ভঙাগড় উৰণ সেতুৰ পৰা ৰূপনগৰ ৰ’টাৰীলৈকে আৰু ছয়মাইল উৰণ সেতুৰ পৰা পাঞ্জাবাৰীলৈকে পথছোৱাত যিসকল ব্যক্তিয়ে পদপথ বা পথৰ কাষত বিভিন্ন ধৰণৰ দোকান পাতি বা আন সামগ্রী বিক্ৰী কৰি মানুহ গোট খুৱাই পদপথৰ যাত্ৰীসকলৰ বা স্থানীয়  বাসিন্দাসকলৰ অসুবিধাৰ সৃষ্টি কৰিছে আৰু ইয়াৰ সৃষ্ট মানুহৰ জুমৰ সুবিধা লৈ কোনো দুষ্কৃতিকাৰীয়ে চোৰ, ডকাইতি আদি কার্য সংঘটিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিকভাৱে এনেধৰণৰ দোকান স্থাপন তথা বস্তু বেচা-কিনা আদিত বাধা আৰোপ কৰা হৈছে।এই নির্দেশ তাৎক্ষণিকভাৱে বলৱৎ কৰা হ’ব যদিহে কোনো ব্যক্তিয়ে এইক্ষেত্ৰত কোনো আপত্তি জনাব বিচাৰে তেওঁলোকে উপ আৰক্ষী আয়ুক্ত হেমন্ত কুমাৰ দাসক লিখিতভাৱে আবেদন কৰিব পাৰিব।