ভগ্ন হৃদয় – নিৰূপণ বৰুৱা লখিমপুৰ

pc-enlightenment

ভগ্ন হৃদয়

ঔৰসজাত দুটি সোনগুটিলৈ
বৰকৈ মনত পৰিছে অ’
সিহঁতৰ হাঁহিতো যে
আজি নিৰস হৈ পৰিছে

সময়ৰ আহ্বানত
পৰিস্থিতিৰ কৰাল গ্ৰাসত
গভীৰ আছোৰ পৰিছে
মোৰ ভগ্ন হৃদয়ত
সিহঁতৰ উচুপনিত
ক্ষনিকৰ কাৰনে হলেও
স্তম্ভিত হৈছো আজি

সাহস গোটাব পৰা নাই
শান্তনা দিবলে
স্থিৰ কৰিব পৰা নাই মন
বাৰে বাৰে উত্তাল হৈছে বিবেক
বাৰে বাৰে কম্পিত হৈছে ভগ্ন হৃদয়

জীৱনৰ চাকনৈয়াত
উটি ভাঁহি ফুৰিছো
নাইপোৱা কোনো পাৰা পাৰ
বেদনা কাতৰ সময়ে
ভূমিকা লৈছে নীৰৱ দৰ্শকৰ
ঠিকনা দিছে এক
যাযাবৰি জীৱনৰ

উন্মুক্ত প্ৰাণত
অশান্তিৰ বীজ ৰোপন কৰি
শান্তিকামী হৃদয়ে মৰিছীকাৰ পিছ ধৰি
দিশহাৰা পথিকৰ
চৰিত্ৰ নিষ্ঠাৰে কৰিছে ৰূপায়ন
এইয়া যেন পথিকৰ ভগ্ন হৃদয়ৰ গান..

নিৰূপণ বৰুৱা
লখিমপুৰ