বৰ্তমান দেশত সাপ্তাহিক সংক্ৰমণৰ হাৰ হৈছে ২.৩২ শতাংশঃ স্বাস্থ্য মন্ত্ৰণালয়

pc Jagran

বাৰ্ত্তাসেৱা- স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা মতে, ২৪ ঘণ্টা  দেশত কৰ’নাত নুতনকৈ সংক্ৰমিত হৈছে ৪১,৫০৬ জন লোক। ভাৰতত ২৪ ঘণ্টাত কৰ’নাৰ সংক্ৰমনৰ ফলত মৃত্যু ঘটিছে ৮৯৫ জন লোকৰ। বৰ্তমান দেশত সাপ্তাহিক পজিটিভিটীৰ হাৰ হৈছে ২.৩২ আৰু দৈনিক ২.২৫ শতাংশ। ২৪ ঘন্টাত সুস্থ হৈ উঠিছে ৪১,৫২৬ জন লোক। কেন্দ্ৰীয় স্বাস্থ্য সচিবৰ অধ্যক্ষতাত মিলিত হোৱা এক পুনৰীক্ষন বৈঠকত পাহাৰীয়া পৰ্যটন কেন্দ্ৰসমূহত শেহতীয়াভাৱে ভিৰ বৃদ্ধি পোৱাত সংক্ৰমন বঢ়াৰ আশংকা প্ৰত্যক্ষ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়।