বৰ্ণকলা পুথিভঁৰালৰ উদ্যোগত চিঠি লিখা প্ৰতিযোগিতাৰ আয়োজন

বার্তাসেৱা- * বৰ্ণকলা পুথিভঁৰালৰ উদ্যোগত চিঠি লিখা প্ৰতিযোগিতাৰ আয়োজন। সেই প্ৰতিযোগিতা ত চিঠিৰ বিষয় বস্তু সমূহ _টকিঅ’অলিম্পিকত ব্ৰঞ্জৰ পদক প্ৰাপ্তিৰে অসমৰ গৌৰৱ লাভলীনা বা লৈ এখন চিঠি।_
★★প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ’ব।

■ ক – শাখা পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী লৈ (১৫০টামান শব্দৰ ভিতৰত)
■ খ – শাখা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে (২০০শব্দৰ ভিতৰত)

চিঠি পঠিওৱা ৰ ঠিকনা তলত দিয়া হল–

“বৰ্ণকলা জনহিতৈষী পুথিভঁৰাল
মাৰফৎ পিঠুৰাম গগৈ
কালুজান গাওঁ
ডাক-জামুগুৰি
জিলা-গোলাঘাট
পিন নম্বৰ- ৭৮৫৬০৩”

ওপৰত উল্লেখিত ঠিকনা ত অহা (০৩/০৯/ ২০২১) তিনি ছেপ্তেম্বৰ ২০২১ৰ ভিতৰত আহি পোৱাকৈ পঠিয়াবলৈ অনুৰোধ জনোৱা হ’ল ।
বিজয়ী প্ৰতিযোগি সকলক আগন্তুক গান্ধী জয়ন্তীৰ কাৰ্যসূচীত ০২/১০/২০২১ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

■ *পুৰস্কাৰ: প্ৰতিটো শাখাতে প্ৰথম , দ্বিতীয়, আৰু তৃতীয় স্থান প্ৰাপ্তক নগদ ধন, কিতাপৰ টোপোলা আৰু মানপত্ৰ প্ৰদান কৰা হ’ব ।*

জামুগুৰি ডাকঘৰৰ অধীনৰ ছাত্ৰ ছাত্ৰী সকলে বন্ধ খামত জামুগুৰি বজাৰ তিনিআলিত থকা *কম্পিউটেক কম্পিউটাৰ ইনষ্টিটিউটত* জমা দিব পাৰিব ।

অতি প্ৰয়োজনত 8638678079 নম্বৰত whatsapp যোগে যোগাযোগ কৰিব পাৰিব ।

★★★★★★★★★★★★★