বৰাগাঁৱত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে পামহীত প্ৰতিবাদী সভা

pc- DNA India (Images are only for a reperstation purpose)

বৰাগাঁৱত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে পামহীত প্ৰতিবাদী সভা

অনলাইন বাৰ্ত্তাসেৱা– গুৱাহাটী পৌৰ নিগমে(জি এম চি)ঐতিহাসিক দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত শেহতীয়াকৈ অবৈধভাৱে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি গুৱাহাটী মহানগৰীৰ জাৱৰ-জোঁথৰ আৰু দূষিত আৱৰ্জনাসমূহ পেলোৱা বিষয়টোক কেন্দ্ৰ কৰি দীপৰ বিলৰ দুয়োপাৰৰ বৃহত্তৰ অঞ্চলটোৰ ১৬খন গাঁৱৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গুৱাহাটী পৌৰ নিগমৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে মহানগৰীৰ গড়চুকৰ সমীপৰ পামহীৰ ঐতিহাসিক দেহালথান মন্দিৰৰ বাকৰিত পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চৰ উদ্যোগত এখন বৃহৎ প্ৰতিবাদী সভা অনুষ্ঠিত হয়। পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চৰ উপ-সভাপতি উৎপল কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁৰধৰে মঞ্চৰ সাংগঠনিক সম্পাদক প্ৰমোদ কলিতাই। সভাত তৰুণ চন্দ্ৰ তালুকদাৰ, বলেশ্বৰ ৰংপি, প্ৰদীপ কলিতা, সুশীল টেৰণ, দময়ন্তী টেৰণকে ধৰি কেবাগৰাকী বক্তাই ভাষণ প্ৰসংগত কোনো কাৰণতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশ উলংঘা কৰি পুনৰ দীপৰ বিলৰ আশে-পাশে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিবলৈ দিয়া নহʼব বুলি গুৱাহাটী পৌৰ নিগমৰ অবিবেচকী কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

 

(RT)