বৰহাজাৰাত ভাই-ভনী কৌতুক গোষ্ঠীৰ ভোগালী মেলা উদযাপন

বৰহাজাৰাত ভাই-ভনী কৌতুক গোষ্ঠীৰ ভোগালী মেলা উদযাপন।

কমলপুৰঃ পৱন নীল কাশ্যপ – কামৰূপ জিলাৰ অন্তৰ্গত বৰহাজাৰাত ভাই-ভনী কৌতুক গোষ্ঠী আৰু স্থানীয় ৰাইজৰ সহযোগত বৰহাজাৰা সাংস্কৃতিক মঞ্চ তথা প্ৰাংগণত দিনযোৰা কাৰ্যসূচীৰে ভোগালী মেলা উদযাপন কৰা হয়।কাৰ্যসূচীমৰ্মে পুৱা বৃক্ষৰোপণ কৰে সমাজ সেৱক মঞ্জুৰ ডেকাই,খেল-ধেমালী পৰিচালনা কৰে মাধৱ চন্দ্ৰ ডেকা।ইয়াৰোপৰি ভাই-ভনী কৌতুক গোষ্ঠীৰ তৰফৰ পৰা সম্বধৰ্না জনোৱা হয় কৃতী শিক্ষক ৰামধন ডেকা,কৰুণাকান্ত ডেকা,বিশিষ্ট পেপা বাদক লোহিত ডেকা লগতে যুৱ সাংবাদিক চিৰঞ্জীৱ বাবা আৰু দেৱজিৎ ডেকাক।অনুষ্ঠানত গীত পৰিবেশন কৰে যমজ ভাতৃ মিন্টু-মৃণাল ডেকা লগতে বিশেষ ভাৱে সক্ষম নলবাৰীৰ”সাধনা শিল্পী গোষ্ঠী”য়ে।ইয়াৰোপৰি আধুনিক নৃত্য প্ৰতিযোগীতাত প্ৰথম স্থান দখল কৰে নিশিতা কাকতি,দ্বিতীয় অংকিতা কাকতি,তৃতীয় দিপশিখা গোস্বামী,চতুৰ্থ ডিম্পী ডেকাই।বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে,মৰম সাহস কণ দিয়া উদ্দেশ্যে ভাই-ভনী কৌতুক গোষ্ঠীৰ পৰিচালক পিংকু ডেকাই উক্ত ভোগালী মেলাৰ আয়োজন কৰে।