বৰষুণৰ বাবে টাই হ’ল ভাৰত-নিউজিলেণ্ডৰ অন্তিমখন টি-২০

বৰষুণৰ বাবে টাই হ’ল ভাৰত-নিউজিলেণ্ডৰ অন্তিমখন টি-২০

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত আৰু নিউজিলেণ্ডৰ মাজত খেলা তিনিখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেলখন বৰষুণৰ বাবে বাতিল হোৱাৰ পিছত, ভাৰতে দ্বিতীয় খন টি-২০ত ৬৫ ৰাণত জিকিছিল। তৃতীয় খন খেল বৰষুণৰ বাবে সম্পূৰ্ণ কৰিব পৰা নগ’ল। প্ৰথমে বেটিং কৰি নিউজিলেণ্ডৰ দলটো ১৬০ ৰাণত অল আউট হয়। খেলখন বন্ধ হোৱাৰ সময়ত ভাৰতে ৯ অভাৰত ৪ টা উইকেটত ৭৫ ৰাণ সংগ্ৰহ কৰিছিল। ডাকৱৰ্থ-লুইছ ৰুল অনুসৰি, ভাৰত বিজয়ৰ লক্ষ্য সমান আছিল আৰু সেইকাৰণে মেচখন টাই ঘোষণা কৰা হয়।