বৰভূঁইকপে জোঁকাৰি গ’ল ছলমন দ্বীপপুঞ্জ

Pc Anadolu Agency

বৰভূঁইকপে জোঁকাৰি গ’ল ছলমন দ্বীপপুঞ্জ

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰভূঁইকপে জোঁকাৰি গ’ল ছলমন দ্বীপপুঞ্জৰ মালাংগোৰ দক্ষিণ-পশ্চিম দিশ ৷ মঙলবাৰে দ্বীপপুঞ্জটোত অনুভূত হোৱা ভূমিকম্পটোৰ প্ৰাৱল্য ৭.৩ ৰিখটাৰ স্কেলৰ বুলি আমেৰিকাৰ ভূতাত্ত্বিকে প্ৰকাশ কৰিছে । ভাৰতীয় সময় অনুসৰি মঙলবাৰৰ পুৱা প্ৰায় ২ বাজি ৩ মিনিটত অনুভূত হয় এই ভূমিকম্পৰ জোঁকাৰণি ৷ ভূমিকম্পটোৰ অভিকেন্দ্ৰ সমুদ্ৰপৃষ্ঠৰ ১৫ কিলোমিটাৰ গভীৰত বুলি জানিব পৰা গৈছে ।লগতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ ৯.৭৯০ ডিগ্ৰী দক্ষিণ দ্ৰাঘিমাংশ আৰু ১৫৯.৬০১ ডিগ্ৰী পূব দ্ৰাঘিমাংশ বুলি নিৰ্ণয় কৰা হৈছে । ভূমিকম্পটোৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷