বৰবিহ সদৃশ অবৈধ চুলাই মদে চানি ধৰিছে গোলাঘাট জিলাৰ  সৰুপথাৰৰ অসম নগালেণ্ড সীমান্ত

বৰবিহ সদৃশ অবৈধ চুলাই মদে চানি ধৰিছে গোলাঘাট জিলাৰ  সৰুপথাৰৰ অসম নগালেণ্ড সীমান্ত

মৃগাংক বৰুৱা ,গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  অলপতে অসম নগালেণ্ড সীমান্তৰ বি ছেক্টৰত  আবকাৰী আৰু আৰক্ষীয়ে অবৈধ মদৰ চুলাই বিৰুদ্ধে চলাইএক বৃহৎ অভিযান। আৰক্ষী আৰু আবকাৰীৰ এই যুটীয়া অভিযানত ১৮ টাকৈ চুলাই মদৰ ভাটি উচ্ছেদ কৰাৰ লগতে ধ্বংস কৰে বৃহৎ পৰিমানৰ চুলাই আৰু অবৈধ সুৰা প্ৰস্তুত কৰা সা সামগ্ৰী। সৰুপথাৰৰ আবকাৰী বিভাগৰ উপ অধীক্ষকৰ নেতৃত্বত অভিযানকাৰী দলটোৱে সীমান্তৰ বি চেক্টৰৰ দামুদৰ, শংকৰ আৰু মিংবাং গাঁৱত অভিযান চলাই ১৮ টা অবৈধ সুৰাৰ ভাটি উচ্ছেদ কৰিছে। লগতে কেইবাটাও গোচৰ ৰুজু কৰিছে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম নহ’ল।