বৰপেটাৰ হোলী উৎসৱ আৰু পৰম্পৰা- গোপাল জালান

বৰপেটাৰ হোলী উৎসৱ আৰু পৰম্পৰা

বৰপেটাৰ হোলী উৎসৱৰ আছে এক সুকীয়া মাত্ৰা। পৰম্পৰাগতভাৱে উদযাপিত হৈ অহা বৰপেটাৰ হোলী উৎসৱ বুলি ক’লে আনন্দৰ অন্ত নাই। কাৰণ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত এই উৎসৱ পালন কৰিলেও বৰপেটাৰ হোলীত পোৱা যায় এক স্বকীয় বৈশিষ্ট্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে পৰা বৰপেটাত এই উৎসৱ পালন কৰি অহা হৈছে বুলি জনবিশ্বাস। বৰপেটা জিলাত পালন কৰা হোলীক স্থানীয়ভাৱে ‘দেউল’ বুলিহে বেছিকৈ চৰ্চিত। ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা এই সময়ত দৰ্শনাৰ্থীৰ ভিৰ হয় বৰপেটাত। অতীজৰে পৰাই বৰপেটালৈ দৰ্শনাথী হিচাপে অহা লোকসকলক আদৰি লোৱা দেখা যায়। কাৰণ এই বৃহত্তৰ অঞ্চলটোৰ লোকসকল অতিথিপৰায়ণ। বৰপেটা সত্ৰই এই ছবিখন স্পষ্ট ৰূপত দাঙি ধৰে। এই সত্ৰখন স্থাপন হোৱাৰ দিনৰে পৰাই ইয়াত আছে অক্ষয় ভাণ্ডাৰ বা ভঁৰাল। অক্ষয় বন্তিয়ে সত্ৰখনক দিছে এক সুকীয়া পৰিচয়।
দেউলৰ প্ৰথম দিনটোক কোৱা হয় ‘গোন্ধ’। প্ৰথম দিনা কীৰ্তনঘৰৰ পাছ দুৱাৰেদি গোসাঁইক উলিয়াই নি নাম-কীৰ্তন কৰা হয়। পৰম্পৰাগতভাৱে গোসাঁইক প্ৰথমতে মঠৰ চোতালত বৰ শৰাইত ৰখা হয়। গোন্ধৰ দিনা সত্ৰৰ আগফালৰ চোতালত বা টুপৰ চোতালত নল-খাগৰিৰে সজা হয় মেজি। এই মেজিত অগ্নি সংযোগ কৰাৰ সময়ত আয়তীৰ উৰুলি, মাংগলিক গীত, ঢুলীয়া-খুলীয়াৰ বাদ্য- বাদনে অনুষ্ঠানটোক দিয়ে এক সুকীয়া পৰিচয়। সমান্তৰালভাৱে সত্ৰ চৌহদত প্ৰদৰ্শন কৰা হয় আতচবাজী। জিলাখনত প্ৰস্তুত কৰা আতচবাজীৰ আছে এক সুকীয়া বৈশিষ্ট্য। বৰপেটাৰ আতচবাজীৰ স’তে ফেৰা মাৰিব পৰা উদ্যোগ উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যত নাই। গোন্ধৰ দিনা মেজিৰ ছাইৰে ভকতে কপালত তিলক পিন্ধে। মেজিৰ চাৰিওফালে সাতবাৰ ঘূৰি পাছত গোসাঁইৰ বিগ্ৰহ জগমোহন ঘৰৰ বৰ শৰাইত ৰখা হয়। দৌলৰ সময়ছোৱাত সত্ৰৰ প্ৰায়ভাগ কাৰ্য জগমোহনৰ গৃহতে সম্পাদিত হয়। পাছত নিয়মমতে পুনৰ গোসাঁইক জগমোহনৰ ঘৰৰ পৰা দৌলৰ ওচৰলৈ নিয়া হয়। দৌলৰ মঠৰ চাৰিওফালে চাৰিডাল পূৰঠ ভলুকা বাঁহ থিয় কৰায়। ইয়াৰ ওপৰত থাকে চন্দ্ৰতাপ। দেউলৰ আন্তিম দিনটো ‘সুৱেৰী’ বুলি কয়। অন্তিম দিনটোতেই ৰাইজে ফাকু খেলে। চৌদিশ ফাকুৰ ৰঙেৰে আকাশ ৰঙীন হৈ পৰে। সকলোৱে ফাকু খেলাৰ আনন্দত মতলীয়া হয়। এই আনন্দৰ মাজতে সকলোৱে গায়–

ফাগু খেলে কৰুণাময়, এ নন্দ কুমাৰ
দেৱৰ দুৰ্লভ কেলি ফাগুৰ বিহাৰ।।
ফাগু পৰি শ্যাম তদু কৰে তিৰি-মিৰি
ৰবিৰ কিৰণে যেন মৰকত গিৰি।।
পুনৰ গায়–
ৰংগে ফাগু খেলে চৈতন্য বনমালী।
দুই হাতে ফাগুৰ গুৰা সিঞ্চন্ত মুৰাৰি।।

দৌল উৎসৱ সম্পৰ্কে আমাৰ সমাজতো বহুতো আখ্যান পোৱা যায়। পণ্ডিতসকলৰ মতে প্ৰথমতে ফাকুৱা আৰ্যসকলৰ উৎসৱ আছিল। পৰৱৰ্তী সময়ত এই উৎসৱ ভগৱান শ্ৰীকৃষ্ণৰ স’তে জড়িত হৈ পৰে। শ্ৰীকৃষ্ণই গোপীসকলৰ স’তে ফাকু খেলি নাচি-বাগি আনন্দ কৰিছিল। আন এক জনশ্ৰুতি মতে, হিৰণ্যকশিপুৰ ভগ্নী হোলিকাৰ নামৰ পৰাই হোলী উৎসৱৰ সৃষ্টি হৈছে। হিৰণ্যকশিপুৰ ভগ্নী হোলিকা আছিল শিৱৰ বৰপ্ৰাপ্ত। হোলিকা দাহ্য নহয় বুলি শিৱৰ বৰ লাভ কৰিছিল বাবে প্ৰহ্লাদক পুৰি মাৰিবলৈ ভাতৃৰ নিৰ্দেশ মতে এদিন শিশু প্ৰহ্লাদক কোলাত লৈ অগ্নিকুণ্ডত প্ৰৱেশ কৰিছিল। কিন্তু হোলিকা ভস্মীভূত হোৱাৰ বিপৰীতে প্ৰহ্লাদৰ প্ৰাণ ৰক্ষা পৰিছিল। আন এক জনশ্ৰুতি মতে, ফল্গু নামৰ এজন মহাপ্ৰতাপী দৈত্যই স্বৰ্গ, মৰ্ত্য, পাতালত আধিপত্য বিস্তাৰ কৰি দেৱতাসকলক নানা অত্যাচাৰ কৰিছিল। দেৱতাসকলে ফল্গু দৈত্যৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ বিষ্ণুৰ শৰণাপন্ন হয়। বিষ্ণুৱে ফল্গুু নিধনৰ বাবে যুদ্ধ কৰে। বিষ্ণুৰ হাতত ফল্গুৰ মৃতু্য হোৱাত আনন্দতে দেৱতাসকলে ফাগু গুড়ি খেলিছিল। আন এক জনবিশ্বাস মতে এই উৎসৱ প্ৰথমতে বৈকুণ্ঠত অনুষ্ঠিত হৈছিল। পাছত ইন্দ্ৰ আদি দেৱতাসকলে প্ৰাৰ্থনা কৰি এই উৎসৱ দেৱলোকলৈ আনে। পাছত নহুষ ৰজাৰ বংশধৰসকলে মৰ্ত্যলৈ আনি উৎসৱ অনুষ্ঠিত কৰে।

 গোপাল জালান
দূৰভাষঃ ৭০০২০ ৫৪৫৪৩